বল

testwikiৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মধ্যাকৰ্ষণ, চুম্বকত্ব আদি পৰিঘটনা বা কোনো ভৰযুক্ত বস্তুৰ ত্বৰণ ঘটাব পৰা যিকোনো কাৰকৰ দ্বাৰা বল উৎ্পত্তি হয়।

সাঁচ:Classical mechanics সাঁচ:Infobox Physical quantity

কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়। অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক’ব পাৰি। বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থা‌‌ৎ বলৰ মান আৰু দিশ দুয়োটা থাকে।

নিউটনৰ গতিৰ সূত্ৰমতে বল হৈছে ভৰবেগ(কোনো বস্তুৰ ভৰ আৰু বেগৰ গুণফল)ৰ পৰিবৰ্তনৰ হাৰ।[১] গাণিতিকভাৱে আমি এ‌ই সূত্ৰটো তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰো:

বলৰ সৈতে সম্পৰ্ক থকা অন্য এটা ৰাশি হৈছে টৰ্ক। কোনো বস্তুৰ ঘূৰ্ণন বেগ সলনি কৰিব পৰা পৰা কাৰকক টৰ্ক বোলা হয়। কোনো বস্তুৰ সকলো অংশত সুষমভাৱে ক্ৰিয়া নকৰা বলে যান্ত্ৰিক প্ৰতিচাপ সৃষ্টি কৰে, যিয়ে বস্তুটোৰ বিকৃতিৰ সৃষ্টি কৰে।[২] কঠিন বস্তু এটাৰ ওপৰত যান্ত্ৰিক প্ৰতিচাপ প্ৰয়োগ কৰাৰ ফলত বস্তুটোৰ ক্ৰমান্বয়ে বিকৃতি ঘটাৰ বিপৰীতে জুলীয়া বা গেছীয় পদাৰ্থৰ চাপ বা আয়তনৰ পৰিবৰ্তন হয়।[৩][৪]

ধাৰণাৰ বিকাশ

প্ৰাচীন কালত দাৰ্শনিকসকলে স্থিৰ আৰু গতিশীল বস্তু আৰু সৰল বলবিজ্ঞানৰ অধ্যয়নৰ কাৰণে বলৰ ধাৰণা ব্যৱহাৰ কৰিছিল। কিন্তু এৰিষ্ট’টল আৰু আৰ্কিমিডিছৰ দৰে চিন্তাবিদে বলৰ ধাৰণাৰ প্ৰাথমিক ভুলসমূহ লক্ষ্য কৰিছিল। ইয়াৰ এটা মূল কাৰণ আছিল ঘৰ্ষণৰ লগত জড়িত পৰোক্ষ বলৰ ক্ষেত্ৰত থকা অসম্পূৰ্ণ ধাৰণা। গতি কৰি থকা বস্তু এটাৰ গতি অব্যাহত ৰাখিবলৈ (আনকি স্থিৰ বেগত অব্যাহত ৰাখিবলৈও), বলৰ প্ৰয়োজন বুলি কৰা ধাৰণা আছিল এটা প্ৰাথমিক ভুল।[৫] গতি আৰু বল সম্পৰ্কীয় প্ৰায়বিলাক ভুল ধাৰণা ছাৰ আইজাক নিউটনে দূৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁ গাণিতিক ধাৰণা প্ৰয়োগ কৰি গতিৰ সূত্ৰসমূহৰ বিকাশ সাধন কৰিছিল, যিকে‌ইটা সূত্ৰ পিছৰ প্ৰায় তিনিশ বছৰৰ কাৰণে অপৰিবৰ্তিত ৰূপত ব্যৱহাৰ হৈ আছিল।[৪]

বিংশ শতাব্দীৰ প্ৰথম ভাগত আইন্‌ষ্টাইনে তেওঁৰ বিখ্যাত আপেক্ষিকতাবাদৰ সূত্ৰৰ বিকাশ কৰে যাৰ দ্বাৰা শুদ্ধৰূপত ভৰবেগৰ বৃদ্ধিৰ লগে লগে পোহৰৰ বেগৰ প্ৰায় ওচৰা ওচৰি বেগত গতিশীল কোনো বস্তুৰ ওপৰত ক্ৰিয়াশীল বলৰ ধাৰণা কৰিব পৰা গ’ল আৰু মধ্যাকৰ্ষণ আৰু জড়তাৰ দ্বাৰা সৃষ্টি হোৱা বল সম্পৰ্কেও ধাৰণা কৰিব পৰা গ’ল।

তথ্যসূত্ৰ

  1. See for example pages 9-1 and 9-2 of Feynman, Leighton and Sands (1963).
  2. সাঁচ:Cite web
  3. e.g. সাঁচ:Cite book; সাঁচ:Cite book.
  4. ৪.০ ৪.১ University Physics, Sears, Young & Zemansky, pp18–38
  5. সাঁচ:Cite web

বাহ্যিক সংযোগ

সাঁচ:Commons category